ৰুগীয়া ছাত্ৰীৰ একাউণ্টৰ পৰা ধন হৰলুকি দুষ্টচক্ৰৰ - টীয়ক হেকাৰ
🎬 Watch Now: Feature Video
সৰলতাৰ সুযোগ লৈ ৰুগীয়া ছাত্ৰীৰ পৰা দুষ্ট চক্ৰই সৰকালে বেংক একাউণ্টৰ ধন ৷ টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী স্মৃতি বৰা জটিল ৰোগত আক্ৰান্ত আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন ৷ স্মৃতিৰ পৰিয়ালে বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদি আৰ্থিক সহায় বিচাৰিছিল । দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সঁহাৰি জনাই বহু সু-হৃদয়ৱান লোকে পৰিয়ালৰ বেংক একাউণ্টত সাহায্য আগবঢ়াইছিল । কিন্তু এক দুষ্ট চক্ৰই নিজকে ভাৰতীয় সেনাত কৰ্মৰত বুলি পৰিচয় দি কিছু সহায়ৰ হাত আগবঢ়াব বুলি কৈ চলনাৰে ছাত্ৰীগৰাকী একাউণ্টৰ পৰা প্ৰায় 30 হাজাৰ টকা আত্মসাৎ কৰে ৷ যাৰ ফলস্বৰূপে, পৰিয়ালটোৰ অৱস্থা শোচনীয় হৈ পৰিছে । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷