পেট্ৰ'লৰ মূল্যবৃদ্ধিক লৈ বঙাইগাঁৱত গ্ৰাহকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 12, 2021, 9:31 PM IST

সমগ্ৰ দেশতে যোৱা প্ৰায় দুবছৰ ধৰি মহামাৰী কৰ'ণাই (Corona) প্ৰভাৱ পেলাইছে । কৃষিকৰ্মৰ পৰা আৰম্ভ কৰি ব্যৱসায়-বাণিজ্যলৈকে প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ দেখা গৈছে । ইয়াৰ মাজতে বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । মহামাৰীয়ে জনসাধাৰণক অৰ্থনৈতিকভাৱে জুৰুলা কৰাৰ পাছত এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । কিন্তু মূল্যবৃদ্ধি (Price hike) নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ চৰকাৰ । মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ । পেট্ৰ'লৰ মূল্যইও ইতিমধ্যে এশৰ ঘৰ অতিক্ৰম কৰিছে । ইয়াৰ মাজতে শাসনাধিষ্ঠ চৰকাৰৰ একাংশ নেতা ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli) আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita) পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ যি মন্তব্য দিছে তাক লৈও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাকী জিলাসমূহৰ লগতে বঙাইগাঁও জিলাৰো একাংশ লোকে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে । মাণিকপুৰ পেট্ৰ'ল পাম্পৰ গ্ৰাহকসকলেও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.