Protest against ONGC : গৌৰীসাগৰত ৰাইজৰ প্ৰতিবাদ - ONGCৰ ৰিগ অৱৰোধ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 31, 2021, 4:37 PM IST

শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ বিভিন্ন সমস্যাৰে জৰ্জৰিত গৌৰীসাগৰৰ কৃষকসকলে নিশা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নিশা ৰাজপথলৈ ওলাই আহি ONGCৰ ৰিগ অৱৰোধ কৰিলে গৌৰীসাগৰবাসী ৰাইজে(Gaurisagar people protest against ONGC) ৷ গধুৰ যান বাহনেৰে নগাআলি বিধস্ত কৰাৰ অভিযোগ তুলি নগাআলিস্থিত ইবিথ্ৰি ২০০৩ নম্বৰৰ ONGCৰ ৰিগ অৱৰোধ কৰি ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে শতাধিক লোকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ বিগত 9 মাহ ধৰি নগাআলিত খনন কাৰ্য চলাই তেল উৎপাদন কৰি থকা ONGC কৰ্তৃপক্ষই পথটি মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য্যন্ত নগাআলিৰ পথটি পুনঃনিৰ্মান নকৰাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ সেয়ে নিশা কৃষকৰ কৃষিভূমি বিনষ্টকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ ইয়াৰ পাছতে আৰক্ষী আৰু ONGCৰ কৰ্তৃপক্ষৰ সৈতে হোৱা এক আলোচনাৰ অন্ততহে শাম কাটে পৰিস্থিতি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.