প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষে তিনিচুকীয়াত ফল-মূল বিতৰণ - BJP

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 20, 2021, 7:07 PM IST

সোমবাৰে তিনিচুকীয়াৰ জ্ঞানাংকুশ আবাসীক শিশু কল্যাণ প্ৰকল্পত ভাৰতীয় জনতা পাৰ্টী, চাহ জনগোষ্ঠী মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীতেই জ্ঞানাংকুশ আবাসীকৰ ফুটবল দলটোলৈ এটা ফুটবল প্ৰদান কৰে কাৰ্যসূচীৰ উদ্যোক্তা সমিতিয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে জ্ঞানাংকুশ আবাসীক শিশু কল্যাণ প্ৰকল্পৰ প্ৰতিষ্ঠাপক সঞ্জীৱ ছেত্ৰী, জ্ঞানাংকুশ আবাসীক শিশু কল্যাণ প্ৰকল্পৰ অধ্যক্ষ পবিত্ৰ বৰুৱা, ভাৰতীয় জনতা পাৰ্টী, অনুসূচীত জাতি মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দ্রুৱজ্যোতি দাস, ভাৰতীয় জনতা পাৰ্টী, চাহ জনগোষ্ঠী মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অৰ্জুন গোৱালা, মহিলা মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদিকা আগৰৱাল, OBC মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক তৰুণজ্যোতি দিহিঙীয়া, বিজেপি তিনিচুকীয়া জিলা কমিটিৰ সম্পাদিকা পপ্ৰিয়া দাস আদি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.