কলিয়াবৰৰ ভকুৱামাৰীত আৰক্ষীৰ জালত ভুৱা চিকিৎসক - সন্দেহজনক নথি পত্ৰ জব্দ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 27, 2021, 5:06 PM IST

চিকিৎসকৰ ভুৱা পৰিচয় দি ৰোগীৰ চিকিৎসা কৰি ৰঙাঘৰৰ আলহী হ'ল কলিয়াবৰৰ মইদুল । চুলুং আৰক্ষী তহলদাৰী চকীৰ আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ভুৱা চিকিৎসক মইদুল ইছলামক আটক কৰে । জানিব পৰা মতে, ভকুৱামাৰীস্থিত নিজ বাসগৃহতে অবৈধভাৱে এখন ফাৰ্মাচী খুলি নিজকে চিকিৎসক বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি ৰোগীৰ চিকিৎসা কৰি আহিছিল মইদুলে । এই বিষয়ে আৰক্ষী অৱগত হোৱাৰ পাছতে মইদুলৰ বাসগৃহত অভিযান চলায় । এই অভিযান কালত ফাৰ্মাচীখনৰ পৰা চিকিৎসাৰ সময়ত ব‍্যৱহাৰ কৰা সা-সঁজুলি আৰু সন্দেহজনক নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ভুৱা চিকিৎসক মইদুলে ফাৰ্মাচীখনৰো কোনো বৈধ নথি-পত্ৰ আৰক্ষীক দেখুৱাব পৰা নাই । সম্প্ৰতি এই ঘটনা সন্দৰ্ভত তদন্ত অব‍্যহত ৰাখিছে উলুৱনী আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.