৩০৯ নং পূৰণ ভৱানীপুৰ প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহ’ল জাতীয় পতাকা
🎬 Watch Now: Feature Video
স্বাধীনতা দিৱস পালন যেন একাংশৰ বাবে হৈ পৰিছে ল’ৰা-ধেমালি ৷ ক’ভিড সংক্ৰমণৰ মাজতে দেশত উদযাপিত হৈছে 75 তম স্বাধীনতা দিৱস ৷ সমান্তৰালকৈ উদযাপন হৈছে ৰাজ্যতো ৷ স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি দেওবাৰৰ দিনটোত দুই-এটা সৰু-সুৰা ঘটনা ঘটে ৷ জিলা ঘোষণাৰ পিছত এইবাৰ বজালীত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল স্বাধীনতা দিৱস ৷ কিন্তু পৰিতাপৰ বিষয় যে, ৩০৯ নং পূৰণ ভৱানীপুৰ প্ৰাথমিক বিদ্যালয়ত দেওবাৰে দিনৰ প্ৰায় এক বজালৈ উত্তোলন নহ'ল পতাকা । স্থানীয় ৰাইজে বিষয় সন্দৰ্ভত যোগাযোগ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিলে প্ৰধান শিক্ষক গংগাধৰ গয়াৰীয়ে ৷ পুৱাৰ ভাগত বিদ্যালয়লৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আহি উভতি যায় ছাত্ৰ-ছাত্ৰীসকল ৷ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷