ETV Bharat / sports

পাৰ্থত যশপ্ৰীত বুমৰাহ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ জয়; অষ্ট্ৰেলিয়াক হৰুৱাই 47 বছৰীয়া অভিলেখ ভংগ - BORDER GAVASKAR TROPHY 2024

Ind vs aus 1st Test All Records: বহু প্ৰত্যাশিত পাৰ্থ টেষ্টত কেংগাৰু বাহিনীৰ বিৰুদ্ধে 295 ৰাণত জয় লাভ টীম ইণ্ডিয়াৰ ৷ পঢ়ক বিতং খবৰ...

BORDER GAVASKAR TROPHY 2024
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয় (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 25, 2024, 1:44 PM IST

স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ৰ প্ৰথমখন টেষ্ট মেচত ভাৰতৰ জয়লাভ ৷ কেংগাৰু বাহিনীৰ বিৰুদ্ধে 295 ৰাণত জয় লাভ কৰে টীম ইণ্ডিয়াই ৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্ৰীত বুমৰাহৰ নেতৃত্বত পাৰ্থ টেষ্টত ভাৰতে লাভ কৰা জয়ে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে ক্ৰিকেটপ্ৰেমীক ৷

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত এয়া অষ্ট্ৰেলিয়াৰ প্ৰথমটো পৰাজয় ৷ ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামত অনুষ্ঠিত আটাইবোৰ টেষ্টতে জয়লাভ কৰিছিল দলটোৱে ৷

ভাৰতৰ বিৰুদ্ধে 295 ৰাণত পৰাজিত অষ্ট্ৰেলিয়া

মেচখনৰ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল মাত্ৰ 150 ৰাণ ৷ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই 104 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে প্ৰথম ইনিংছত ভাৰতীয় বলাৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ৷

আনহাতে, দ্বিতীয় ইনিংছত এজনৰ পিছত আনজন ভাৰতীয় বেটছমেনে বেটিং ধুমুহাৰে 6 উইকেটৰ বিনিময়ত 487 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ৷ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীয়ে শতক অৰ্জনৰে ভাৰতৰ জয়ত আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা ৷

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 534 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ ক্ৰিজত নমা কেংগাৰু বাহিনীৰ অতি কম সময়ৰ ভিতৰতে এটাৰ পিছত আনটো উইকেটৰ পতন ঘটে ৷ যাৰ বাবে দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 238 ৰাণহে সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াত ভাৰতৰ সৰ্ববৃহৎ জয় (ৰাণৰ ওপৰত ভিত্তি কৰি)

1977 চনৰ 30 ডিচেম্বৰত মেলব’ৰ্ণত অষ্ট্ৰেলিয়াক 222 ৰাণত পৰাস্ত কৰি ভাৰতে ৰচিছিল ইতিহাস ৷ এয়া আছিল আলহী দলটোৰ সৰ্ববৃহৎ বিজয় ৷ তাৰপিছত 2018 চনৰ 26 ডিচেম্বৰত মেলব’ৰ্ণত অনুষ্ঠিত এখন টেষ্টত ভাৰতে 137 ৰাণত বিজয়ী হৈছিল ।

  • অপ্টাছ, পাৰ্থ - 295 ৰাণ - 25 নৱেম্বৰ 2024
  • মেলব’ৰ্ণ - 222 ৰাণ - 30 ডিচেম্বৰ 1977
  • মেলব’ৰ্ণ - 137 ৰাণ - 26 ডিচেম্বৰ 2018
  • ডব্লিউ এ চি এ, পাৰ্থ - 72 ৰাণ - 16 জানুৱাৰী 2008
  • মেলব’ৰ্ণ - 59 ৰাণ - 7 ফেব্ৰুৱাৰী 1981

টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ জয়

ৰাণ সংগ্ৰহৰ দিশৰ পৰা চাবলৈ গ’লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2008 চনত মোহালিত টীম ইণ্ডিয়াই সৰ্ববৃহৎ জয়ৰ অংশীদাৰ হৈছিল ৷ উক্ত মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক 320 ৰাণত পৰাস্ত কৰিছিল । 1977 চনত মেলব’ৰ্ণত অনুষ্ঠিত আন এখন মেচত ভাৰতে কেংগাৰু বাহিনীক 222 ৰাণত পৰাস্ত কৰে ৷

  • মোহালি - 320 ৰাণ - 17 অক্টোবৰ 2008

  • চেন্নাই - 179 ৰাণ - 6 মাৰ্চ 1998
  • নাগপুৰ - 172 ৰাণ - 6 নৱেম্বৰ 2008

পাৰ্থ টেষ্টত ভাৰতৰ বিৰুদ্ধে এই পৰাজয়, ঘৰুৱা টেষ্ট ক্ৰিকেটত ৰাণৰ ভিত্তিত অষ্ট্ৰেলিয়াৰ ষষ্ঠ সৰ্ববৃহৎ পৰাজয় ।

ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ পৰাজয় (ৰাণৰ ওপৰত ভিত্তি কৰি)

  • ইংলেণ্ড - 675 ৰাণ - ব্ৰীছবেন - 30 নৱেম্বৰ 1928
  • ৱেষ্ট ইণ্ডিজ - 408 ৰাণ - এডিলেড - 26 জানুৱাৰী 1980
  • ইংলেণ্ড - 338 ৰাণ - এডিলেড - 13 জানুৱাৰী 1933
  • ইংলেণ্ড - 322 ৰাণ - ব্ৰীছবেন - 4 ডিচেম্বৰ 1936
  • দক্ষিণ আফ্ৰিকা 309 ৰাণ - ডব্লিউ এ চি এ, পাৰ্থ - 30 নৱেম্বৰ 2012
  • ইংলেণ্ড - 299 ৰাণ - ছিডনী - 9 জানুৱাৰী 1971
  • ভাৰত - 295 ৰাণ - অপ্টাছ, পাৰ্থ - 25 নৱেম্বৰ 2025*

লগতে পঢ়ক: অষ্ট্ৰেলিয়াত সৰ্বাধিক শতক অৰ্জনকাৰী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.