ভদীয়া বানে বুৰালে ঐতিহাসিক ৰামখাপীঠ দেৱালয় - ৰামখাপীঠ দেৱালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 28, 2021, 12:45 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে । শিৱসাগৰৰ দিখৌমুখত ভদীয়া বানৰ কবলত পৰিছে ঐতিহাসিক ৰামখাপীঠ দেৱালয় । দিখৌ নৈ আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰামখাপীঠ দেৱালয়ৰ লগতে বিস্তীৰ্ণ কৃষি ভূমি প্লাৱিত কৰিছে । অস্তিত্বৰ সংকটত ভূগিছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত প্ৰতিষ্ঠা কৰা এই ৰামখাপীঠ দেৱালয়খন । দেৱালয়ৰ উপৰিও দেওঘৰীয়া বৰ নামঘৰ, দেওঘৰীয়া প্ৰাথমিক বিদ্যালয় আদি এতিয়া পানীৰ তলত ৷ ৰূপহীমুখ, সৰাগুৰি, গটঙা, গোপালপুৰ, আলিমূৰ, বৰগাঁও, তেলিয়াডোঙা, দেওঘৰীয়া, পুৰণিগুদাম আদি বহুকেইখন গাঁও সম্প্ৰতি জলমগ্ন হৈ পৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.