thumbnail

By

Published : Jul 12, 2021, 3:40 PM IST

ETV Bharat / Videos

হঠাৎ লাগিল জুই : নিমিষতে চাৰখাৰ কেইবাটাও বাসগৃহ

ডিব্ৰুগড় চহৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চহৰখনৰ দূৰ্গাবাৰীত সংঘটিত হয় এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত কমল বৰুৱা, দীপক দত্ত, নয়ন বৰা, নানু দত্ত আৰু বিট্টু বৰুৱাৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে ৷ ইফালে অগ্নিকাণ্ডৰ সময়ত বিস্ফোৰণ হয় এটা চিলিণ্ডাৰো । যাৰ ফলত সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই চানি ধৰে ৷ লগে লগে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক ৷ তাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপন বাহিনীৰ লোক ৷ স্থানীয় লোকৰ তৎপৰতাত অগ্নিনিৰ্বাপন বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ এই অগ্নিকাণ্ডত জাহ যায় কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.