thumbnail

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি "ৰণুৱা"ৰ পৰিচালক চন্দ্ৰ মুদৈৰ সৈতে বিশেষ সাক্ষাৎকাৰ

By

Published : Mar 24, 2021, 2:32 PM IST

Updated : Mar 24, 2021, 2:53 PM IST

ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ ৷ সোমবাৰে ঘোষিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ ৫ খনকৈ ছবিয়ে বিভিন্ন শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। "চুৰেণ চোৰৰ পুতেক", বাঁকৰ পুতেক", "জোনদা ইমান গুণ্ডা" আদি বহু সফল ছবিৰে ৮৭ বছৰীয়া অসমীয়া চলচ্চিত্ৰ জগতক চহকী কৰি তোলা বিশিষ্ট পৰিচালক, চিত্ৰনাট্যকাৰ চন্দ্ৰ মুদৈৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰ "ৰণুৱা- হু নেভাৰ ছাৰেণ্ডাৰছ"য়ে এইবছৰৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । মহানগৰীৰ কৃত্ৰিম বানপানীক কাহিনীৰ আধাৰ হিচাপে লৈ ২০১৯ চনতে নিৰ্মাণ কৰা হৈছিল "ৰণুৱা- হু নেভাৰ ছাৰেণ্ডাৰছ" ছবিখন। ছবিখনিৰ বিষয়ে ইটিভি ভাৰতৰ আগত বৰ্ণনা কৰিলে পৰিচালক চন্দ্ৰ মুদৈৰ লগতে সম্পাদক ৰাজীৱ শইকীয়াই।
Last Updated : Mar 24, 2021, 2:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.