তেজপুৰত ওলাইছে ভগৱান যীশুৰ সোণৰ মূৰ্তি আৰু নাও - শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষ
🎬 Watch Now: Feature Video
শোণিতপুৰ জিলাৰ নপাম, পাঁচমাইল গুদামঘাট অঞ্চলত বছৰ বছৰ ধৰি ক্ৰমান্বয়ে বৃদ্ধি পাইছে নকল সোণৰ এখন ক’লা বজাৰ । এইবাৰ যীশুৰ সোণৰ মূৰ্তি, সোণৰ নাও, সোণৰ বিস্কুট ওলাইছে তেজপুৰত । উল্লেখযোগ্য যে, এই সোণ ক্ৰয় কৰিবলৈ আহে বহিঃ ৰাজ্যৰ পৰাও গ্ৰাহক । গ্ৰাহক সমূহ আহে বিহাৰ, পশ্চিম বংগ, পঞ্জাৱ আদি বিভিন্ন ৰাজ্যৰ পৰা তেজপুৰলৈ আহে । এই ঘটনাৰ সৰ্ন্দভত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱটে নিজ কাৰ্যালয়ত এইসমূহ সোণৰ মূৰ্তি, নাও, বিস্কুট সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰি এইখন বজাৰৰ কথা উল্লেখ কৰিছে । উল্লেখযোগ্য যে, এই সোণৰ নকল বজাৰ খনৰ অন্যতম এগৰাকী মাষ্টাৰ মাইণ্ড গুদামঘাটৰ চামেদ আলী তেজপুৰ আৰক্ষীৰ জালত পৰিছে ৷ এই সমগ্ৰ ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ধনাৱটে ৷