লক্ ডাউনৰ মাজতে ৰাজ্যৰ কৃষি খণ্ডলৈ সুখবৰঃ কৃষিমন্ত্ৰীৰে EXCLUSIVE সাক্ষাৎকাৰ - মন্ত্ৰী অতুল বৰা
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কৃষি আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, লক্ ডাউনৰ সময়তে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ আহিছে সুখবৰ । প্ৰায় 300 কোটিৰো অধিক কৃষিজাত সামগ্ৰী আৰু ফলমূল ৰাজ্যৰ লগতে বহিঃৰাজ্যত বিক্ৰী হৈছে । ইয়াৰোপৰি প্ৰায় 125 কোটি টকাৰ সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা আয় হৈছে । আনহাতে বিভিন্ন ক্ষেত্ৰত কৃষিজীৱী লোকৰ বাবে পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ প্ৰদান কৰা হৈছে । লগতে কৃষি বিশ্ববিদ্যালয়ৰ সহায় লোৱা হৈছে, যাতে কৃষি খণ্ডলৈ এক পৰিৱৰ্তন আনিব পাৰি ।
ইয়াৰোপৰি প্ৰথমবাৰৰ বাবে অসমত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা গাহৰিৰ ক্ষেত্ৰত কিছুমান গাইড লাইন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে । সেই অনুসাৰে যিবোৰ ঠাইত এই বীজাণুৰ প্ৰাদুৰ্ভাৱ হৈছে, সেই ঠাইক কণ্টেইনমেন্ট এলেকা হিচাপে চিনাক্ত কৰি সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে । ইতিমধ্যে 3 হাজাৰ গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্য চৰকাৰে লাভ কৰিছে । ইয়াৰ বাবে যিসকল লোক ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক সকাহ দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।