thumbnail

By

Published : Jul 13, 2021, 12:32 PM IST

ETV Bharat / Videos

কমলপুৰত বৃহৎ পৰিমাণৰ চুলাই নষ্ট

কামৰূপ(গ্ৰাম্য) জিলাৰ আবকাৰী অধীক্ষকৰ নিৰ্দেশত মঙলবাৰে আবকাৰী বিভাগৰ এটা বৃহৎ দলে কমলপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই জব্দ কৰে । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কোকেৰীয়া, লেজা, দিগুণপাৰ, মালং, বোৰকা, আঠগাঁও আদি কেইবাখনো গাঁৱত অভিযান চলাই প্ৰায় ১,৬০০ লিটাৰ চুলাই ধ্বংস কৰে ৷ আবকাৰী আৰু আৰক্ষীৰ দলটোৱে লগতে চুলাই মদ বনোৱা প্ৰায় ১২ হাজাৰ কিল’গ্ৰাম সামগ্ৰী নষ্ট কৰে । অভিযানকাৰী দলটোৱে পৰৱৰ্তী দিনটো চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ অৱশ্যে অভিযানৰ সময়ত আবকাৰী আৰু আৰক্ষীৰ দলটোৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.