ৰঙিয়া তটাৰকুছিত বৰলীয়া নৈত জাহ গ’ল ২০ টা পৰিয়ালৰ মাটি-ভেটি - baralia river erosion

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 8, 2021, 10:14 AM IST

ৰঙিয়া তটাৰকুছিত অব্যাহত আছে বৰলীয়া নৈৰ ভয়াৱহ গৰাখহনীয়া ৷ বৰলীয়া নৈৰ প্ৰৱল খহনীয়াত কেইবা শ বিঘাৰ কৃষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে । নৈৰ বুকুত জাহ গৈছে ২০ টাতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি । নৈ পৰীয়া ৰাইজ বৰলীয়া নৈৰ খহনীয়াৰ তাণ্ডৱ দেখি আংতকিত হৈ পৰাৰ পাছতো জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকালৈ গভীৰ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে অঞ্চলবাসীয়ে । বৰলীয়া নৈৰ খহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকুত জাহ যোৱাৰ ফলত এতিয়া সেই পৰিয়ালসমূহ অন্য স্থানলৈ স্থানন্তৰিত হ'বলগীয়া হৈছে । কিন্তু ইয়াৰ পাছতো সজ্ঞান অহা নাই চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ । এবছৰ পূৰ্বে খহনীয়া ৰোধ বাবে বিভাগটোৱে কিছু ঠাইত পকীকৰণ কৰিছিল যদিও অতি নিম্নমানৰ কাম কৰাৰ বাবে এবছৰ নৌহওতে জহি-খহি যোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.