জাকৰ পৰা বিছিন্ন বনৰীয়া হাতী পোৱালিক লৈ ৰঙাপৰাত আতংক - বন বিভাগ
🎬 Watch Now: Feature Video
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিছাত এটা হাতীৰ পোৱালিক লৈ আতংক । বাগিছাৰ মাজত সোমাই থকা অকলশৰীয়া হাতী পোৱালিটো খেদিবলৈ চেষ্টা কৰে স্থানীয় লোকসকলে । কিন্তু ৰাইজে শিলগুটি আৰু লাঠিৰে পোৱালিটোক খেদিবলৈ চেষ্টা কৰোতে আতংকিত হৈ পৰে পোৱালিটো । যাৰ বাবে লোকসকলক আক্ৰমণৰ বাবে খেদি আহে পোৱালিটোৱে । ৰাইজে সন্দেহ কৰা মতে নিশা বনৰীয়া হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছে পোৱালিটো । যাৰ বাবে বাগিছাখনৰ ১০ চেকচনত বিচৰণ কৰি ফুৰিছে হাতী পোৱালিটো । বাগিছা কৰ্তৃপক্ষই পুৱাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ নিশাৰ ভিতৰত পোৱালিটোক হাতীৰ জাকৰ মাজলৈ পুনৰ খেদি পঠিওৱাৰ আশ্বাস দিয়ে ।