কাল কৰ’ণা : ঈদ-উজ-জোহাত নাই পূৰ্বৰ উছাহ - কাল কৰ’ণা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2021, 10:00 AM IST

বুধবাৰ অৰ্থাৎ আজি ইছলাম ধৰ্মালম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা । সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উজ-জোহা । কিন্তু পূৰ্বৰ দৰে যোৰহাটত ঈদৰ কোনো জাকজমকতা দেখিবলৈ পোৱা নাই । এই উৎসৱ ইছলাম ধৰ্মীয় লোকসকলে উলমালহৰে পালন কৰে যদিও বৰ্তমানে কৰ’ণা মহামাৰী আৰু লকডাউনৰ বাবে যোৰহাটত ঈদ উজ জোহা অনুষ্টুপীয়াকৈ পালন কৰা দেখা গৈছে । ঈদগাহ আৰু মছজিদ সমূহত ঈদৰ নামাজ পঢ়াত কেতবোৰ স্বৰ্ত বান্ধি দিছে প্ৰশাসনে ৷ সেই অনুসৰি মাত্ৰ পাঁচজন লোকে হে নামাজ পঢ়িব পাৰিব মছজিদত ৷ সেয়েহে আজি পৱিত্ৰ ঈদৰ নামাজ ঘৰতে সম্পন্ন কৰি পৰিয়ালবৰ্গৰ সৈতে আজান পীৰ চাহেবৰ মাদুৰিহনা জিকিৰ পৰিবেশন কৰি আধ্যাত্মিকতাৰ বার্তা প্ৰেৰণ কৰিছে যোৰহাটৰ সাংবাদিক তথা জিকিৰৰ অনাতাঁৰ শিল্পী নেকিব আহমেদে । উল্লেখ্য যে, বিগত বৰ্ষটো একেদৰেই ঘৰতে পালন কৰিব লগিয়া হৈছিল কাল কৰ’ণাৰ বাবে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.