নামতিত সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি ঈদ পালন - নিজ জামাত
🎬 Watch Now: Feature Video

এমাহ ৰোজা ৰখাৰ অন্তত শুকুৰবাৰে ইছলামধৰ্মী লোকসকলে পালন কৰে আনন্দৰ উৎসৱ ঈদ-উল-ফিতৰ । কিন্তু ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে সমূহীয়া নামাজৰ পৰা বঞ্চিত হৈ ৰ'ল ইছলামধৰ্মী লোকসকল । সেয়ে সমূহীয়া নামাজ বৰ্জন কৰি সম্পূৰ্ণ ক’ভিড বিধি মানি পৰিয়ালৰ মাজতে উদযাপন কৰিলে এইবাৰৰ ঈদ । শিৱসাগৰৰ নামতি অঞ্চলতো ইছলামধৰ্মীয় লোকসকলে চৰকাৰী নিৰ্দেশনা মানি ঈদত ভাগ লোৱা পৰিলক্ষিত হয় । স্থানীয় মছজিদৰ আগত এখন জাননী আঁৰি ‘নিজ জামাতত অকল 5 জন ব্যক্তিয়ে নামাজ পঢ়িব পাৰিব’ বুলি উল্লেখ কৰা হয় ৷