Hindu Jagaran Mancha Protest : আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ - Hindu Jagaran Mancha burn effigy of Aminul Islam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13856297-thumbnail-3x2-protest.jpg)
ধিঙৰ বিধায়ক আমিনুল ইছলামৰ কামাখ্যা দেৱালয় সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ পাচতে উত্তাল ৰাজ্য (Kamakhya temple controversy) ৷ বিধায়ক আমিনুল ইছলামে কামাখ্যাৰ মাটি ঔৰংজেৱে দান দিয়া বুলি কোৱাৰ পিচতে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷ বুধবাৰে বাক্সা জিলাৰ হিন্দু জাগৰণ মঞ্চই শালবাৰীৰ মানাহ সংযোগী পথৰ আওহাটাত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Protest against Aminul Islam at Baksa) ৷ সংগঠনটোৱে বিধায়কগৰাকীৰ বিৰুদ্ধে শালবাৰী থানাত এখন এজাহাৰো দাখিল কৰে ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে এআইইউডিএফ মুৰ্দাবাদ, আমিনুল ইছলাম মুৰ্দাবাদ, আমিনুল ইছলাম বাংলাদেশী আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷