নলবাৰীৰ হৰি মন্দিৰত নৱমী উপলক্ষে ভক্তৰ ভিৰ - নৱমী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9310569-128-9310569-1603643239933.jpg)
আজি মহানৱমী । নলবাৰী হৰিমন্দিৰত মহানৱমীৰ নিশা যথেষ্ট ভক্তৰ সমাগম হৈছে । উল্লেখ্য যে, ক’ভিড-19 সৃষ্ট পৰিবেশৰ মাজতে বিভিন্ন নীতি-নিয়মেৰে এইবাৰ দুৰ্গা আযোজন কৰা হৈছিল যদিও আজি প্ৰায়সমূহ পূজাত অসংখ্য ভক্তৰ সমাগম হয় । ভক্ত সকলে মুখত মাস্ক পৰিধান কৰিয়েই দেৱী দুৰ্গাৰ শ্ৰীচৰণত আশীৰ্বাদ লৈছে । সকলোৰে এটাই কামনা নাইকিয়া হওক ক’ভিড-১৯, শান্তি ঘূৰি আহক পৃথিৱীলৈ । আনহাতে নলবাৰী হৰিমন্দিৰৰ এইখন হৈছে শতবৰ্ষ গৰকা দুর্গা পূজা । ইফালে নৱমীৰ পিচত কাইলৈ বিজয়া দশমী । বিজয়া দশমীত প্ৰতিজন ভক্তই অশ্ৰুশিক্ত নয়নৰে দেৱী দুৰ্গাক বিদায় জনাব ।