thumbnail

By

Published : Jul 24, 2021, 6:19 PM IST

ETV Bharat / Videos

সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ দাহ

শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী দাহ কৰিলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে । চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা কোকেইন, গাঞ্জা আদিকে ধৰি অবৈধ নিচাজাতীয় সামগ্ৰী শনিবাৰে আনুষ্ঠানিকভাৱে দাহ কৰা হয় । মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া মতে, শনিবাৰে দাহ কৰা প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীখিনিৰ ভিতৰত ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰৰ আনুমানিক মূল্য ২০ লাখ টকা । লগতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে । ইফালে, মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আৰক্ষীয়ে ড্ৰাগছৰ ক'লা বেহাৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.