অসমৰ এক ইতিহাস এই মানুহ জনৰ লগে লগে গুচি গৈছে : ড৹ নগেন শইকীয়া - ড৹ নগেন শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 23, 2020, 9:39 PM IST

Updated : Nov 23, 2020, 10:08 PM IST

‘‘মোৰ প্ৰথম এই দুঃখবৰটো শুনিয়েই ভাৱ হ'ল যে, অসমৰ এক ইতিহাস এই মানুহজনৰ লগে লগে যেন গুচি গৈছে।মই তেখেতক মোৰ কলেজীয়া জীৱনৰ জ্যেষ্ঠ হিচাপে প্ৰথমে পাইছিলো । তাৰপিছত মই যোৰহাটত থাকোঁতে তেখেতক বিভিন্ন সময়ত পাইছিলোঁ । হাঁহিমুখীয়া,সুন্দৰ চেহেৰাৰ, কাৰো লগত কেতিয়াও তৰ্ক-বিৰ্তক নলগা এজন মানুহ, এজন ডেকামানুহ যি ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছৰ প্ৰতি অনুৰক্ত আছিল । আৰু অতি কমবয়সতে বুলি ক'ব পাৰি তেখেত ৰাজনীতিত পৰিপক্ক হৈ পৰিছিল আৰু 1971 চনত তেখেত সংসদলৈ নিৰ্বাচিত হৈ গৈছিল। তাৰপৰা তেখেতে ইন্দিৰা গান্ধী আৰু পিচত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালতো মন্ত্ৰীত্বৰ বাব লাভ কৰিছিল আৰু মন্ত্ৰী হৈ দেশৰ সেৱা কৰিছিল’’ । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত হৈ এইদৰে অনুভৱ ব্যক্ত কৰে সাহিত্যিক ড৹ নগেন শইকীয়াই । তেওঁ কয় যে, ‘‘কেতিয়াও কাৰো লগত ব্যক্তিগত ভাৱে কোনোপ্ৰকাৰৰ বিৰোধ নঘটা এই মানুহ গৰাকী আছিল একপ্ৰকাৰ গ্ৰামীণ সৰলতাৰ প্ৰতীক । সেইবাবে বহু সময়ত মতৰ অমিল হ'লেও মই তেখেতৰ মাজত থকা এই মানৱীয় গ্ৰামীণ সৰলতাটোৰ বাবে ভাল পাইছিলোঁ । তেখেতৰ মাজত মই সদায় দেখিছিলো যে সকলো ব্যক্তিগত বা দলীয় বিভিন্ন প্ৰকাৰৰ মতদ্বৈধতাৰ ওপৰলৈ তেখেত গৈছিল আৰু সদায় সেই কথাবিলাক মনত ৰখা নাছিল । মই তেখেতক সমালোচনাও কৰিছিলো। কিন্তু তাৰপিছতো মই যেতিয়া হৃদৰোগত আক্ৰান্ত হৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি থৈ আছিলো ডিব্ৰুগড়লৈ অহা তেখেত মোৰ ওচৰলৈ গৈ এটা ফুলৰ টোৰা দি মোক শুভেচ্ছা জনাইছিল। মই তেতিয়াই অনুভৱ কৰিছিলো যে এই মানুহজনৰ ভিতৰত কোনো কপটতা নাই, সৰলতা আছে আৰু সেইবাবে আজি অসমত জাতি-বৰ্ণ-ধৰ্ম-ভাষা-সম্প্ৰদায় নিৰ্বিশেষে , দল নিৰ্বিশেষে সকলোৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেখেত আৰু ঘুৰি নাহে। কিন্তু তেখেত বহুদিনলৈ অসমৰ মানুহৰ মনত জীয়াই থাকিব। মই তেখেতৰ আত্মাৰ সদ্ গতি কামনা কৰিছোঁ আৰু আশাকৰিছো তেখেতে যিখন অসম বিছাৰিছিল , এখন সোণৰ অসম, সেইখন ঘুৰি আহক। ইয়াকে কামনা কৰিছোঁ’’ ৷
Last Updated : Nov 23, 2020, 10:08 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.