চকুৰ সন্মুখতে চাৰখাৰ সপোন পদপথৰ ব্যৱসায়ীৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ নতুন কাৰ্যালয় ভৱনৰ নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হ’ল পথৰ কাষৰ দোকানসমূহ ৷ কিন্তু প্ৰশাসনৰ এই কাৰ্যৰ পিছতে কান্দোনত ভাঙি পৰিছে পথত দোকান দি জীৱন নিৰ্বাহ কৰি অহা দুৰ্ভগীয়া লোকসকলে ৷ পথৰ কাষত দোকান দিয়ে দুবেলা-দুমুঠি অন্নৰ যোগান ধৰা ভূক্তভোগী পৰিয়ালকেইটাই চকুৰ সন্মুখতে সকলো সপোন চূৰ্ণ-বিচূৰ্ণ হোৱা দেখি হৈ পৰিল আৱেগিক ৷