জনসমুদ্ৰত পৰিণত হ'ল চৌকিদিঙী খেলপথাৰঃ গণ আন্দোলনলৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি - স্বনামধন্য সাহিত্যক ড৹ নগেন শইকীয়াৰ আৱেগ- বিহ্বল ভাষণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 24, 2019, 8:21 PM IST

মানুহ মাথোঁ মানুহ, চকুৰে মনিব নোৱাৰা পৰ্যন্ত কেৱল মানুহ ৷ জনসমুদ্ৰত পৰিণত হ’ল ডিব্ৰুগড় ৷ জনতাৰ গৰ্জনত কঁপিল চৌকিদিঙী খেলপথাৰ ৷  নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লক্ষ লক্ষ জনতাই কঁপাই তুলিলে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জনতাৰ গৰ্জন কাৰ্যসূচীত স্বতঃস্ফুৰ্তভাৱে বয় ৰাইজৰ অজস্ৰ সোঁত ৷ আছুৰ  সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ চৰকাৰ কঁপোৱা উদাত্ত ভাষণ ৷ স্বনামধন্য সাহিত্যক ড৹ নগেন শইকীয়াৰ আৱেগ- বিহ্বল ভাষণ আৰু সংগীত শিল্পী মানস ৰবীন নীল আকাশৰ প্ৰতিবাদী কণ্ঠই জগাই তোলে জাতীয় সত্বা৷ এই কাৰ্যসূচীত ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লোকৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যৰ সমাজ সচেতন গণ্য মান্য ব্যক্তিৰ লগতে বৃদ্ধ,শিশু কিশোৰ, যুৱ শক্তি, অধিবক্তা, বিশ্ববিদ্যালয়ৰ অধ্যাপক আদিৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকে ৷ প্ৰতিগৰাকী গৰ্জনকাৰীৰ মুখে মুখে দিনজুৰি শুনা যায় চৰকাৰ বিৰোধী শ্ল’গান, চোকা সমালোচনা, ককৰ্থনা  ৷ মুকলি মঞ্চত সংগীত,কবিতা পাঠ আদিৰেও গঢ়ি তোলা হয় বিজেপি বিৰোধী গৰ্জন । লগতে গায়ন-বায়ন,মৃদং,ডবা বৰকাঁহৰ ধ্বনিৰ সৈতে অনুষ্ঠানৰ শেষত একেলগে প্ৰায় লাখ জনতাই দিয়ে জনতাৰ গৰ্জন । গণ আন্দোলনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিৰ এয়াই হয়তো এক অন্যন্য উদাহৰণ যিয়ে সোঁৱৰাই দিছে ইতিহাস ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.