পুঠিমাৰীৰ পূজাস্থলীত ভক্তৰ লানি নিছিগা সোঁত - পুঠিমাৰীৰ পূজা
🎬 Watch Now: Feature Video

ৰাজ্যৰ পূজাস্থলীসমূহত এতিয়া ভক্তৰ সমাগমেৰে উখল-মাখল পৰিৱেশ সৃষ্টি ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি দেৱী দুৰ্গাক পূজা আগবঢ়াইছে ভক্তসকলে । অনুৰূপ দৃশ্য কামৰূপৰ পুঠিমাৰীৰ পূজাস্থলীতো পৰিলক্ষিত হৈছে । পুৱাৰ ভাগত অঞ্চলটোৰ ভক্তসকলে দেৱী দুৰ্গালৈ নৈবেদ্য আগবঢ়াই মনোকামনা পূৰণৰ বাবে আশীৰ্বাদ বিচাৰে । পূজাস্থলীখনত ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বেলেগে বেলেগে ব্যৱস্থা কৰিছে পূজা সমিতিয়ে । লগতে চেনিটাজাৰ আৰু মাস্কৰো ব্যৱস্থা কৰিছে পুঠিমাৰীৰ পূজা সমিতিয়ে ।