দেৰগাঁৱৰ চুৰি গাড়ী উদ্ধাৰ নাগালেণ্ডত

By

Published : Aug 23, 2021, 2:09 PM IST

thumbnail
দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা । দেৰগাঁৱৰ পৰা চুৰি হোৱা গাড়ী উদ্ধাৰ হৈছে নাগালেণ্ডত ৷ জানিব পৰা মতে, ডেৰমাহ পূৰ্বে দেৰগাঁৱৰ পৰা চুৰি হৈছিল এখন বলেৰ’ পিকআপ ভান ৷ অৱশেষত ডেৰমাহৰ অন্তত নাগালেণ্ড আৰক্ষীৰ সহযোগত দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাহনখন । AS 01 EC 5670 নম্বৰৰ গাড়ীখন ৩ জুলাইৰ নিশা দেৰগাঁৱৰ ৩ নং গেটৰ ৰাজেন গুপ্তা নামৰ ব্যক্তিজনৰ গৃহৰ পৰা চুৰি হৈছিল । ঘটনা সংক্ৰান্তত দেৰগাঁও আৰক্ষীয়ে ইন্দ্ৰ দাস নামৰ এজন গাড়ী চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত দেৰগাঁৱৰ চকিয়াল গাঁৱৰ পৰা আটক কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ অন্তত বলেৰ' পিক আপ ভানখন নাগালেণ্ডলৈ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহে । তাৰ পাচতে দেওবাৰে নিশা নাগালেণ্ড আৰক্ষীৰ সহযোগত দেৰগাঁও আৰক্ষীৰ এটা দলে নাগালেণ্ডৰ উষা জিলাৰ পৰা চুৰি হোৱা বলেৰ’ পিক আপ ভানখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সীমান্তৰ বিবদমান পৰিস্থিতিৰ মাজতে নাগালেণ্ডৰ পৰা চুৰি গাড়ী উদ্ধাৰ কৰি আনিবলৈ সক্ষম হোৱাটো অসম আৰক্ষীৰে এক বৃহৎ সফলতা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.