সু-খবৰ : ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ'ল দিহিং পাটকাই - Dehing patkai national park
🎬 Watch Now: Feature Video
২০২০ বৰ্ষৰ শেষত অসমবাসীলৈ আহিল এক সু-খবৰ। এতিয়াৰে পৰা এক নতুন ৰূপ পাব দিহিং পাটকাইয়ে। পূৱৰ আমাজন হিচাপে বিখ্যাত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য এতিয়াৰে পৰা জনাজাত হ'ব ৰাষ্ট্ৰীয় উদ্যান হিচাপে । কাজিৰঙা,মানাহ,ডিব্ৰু-ছৈখোৱা,নামেৰী আৰু উৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে এইবাৰ আন এখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ'ল দিহিং পাটকাই । অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাত অসমৰ পৰ্যটন ক্ষেত্ৰখন আৰু এঢাপ আগবাঢ়ি যোৱাত উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড় জিলাখনৰ ৰাইজ তথা ৰাজ্যৰ প্ৰকৃতিকপ্ৰেমীসকল ৷