দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন; সীমা সমস্যাকলৈ ত্ৰিপাক্ষিক আলোচনা নহ'ল কিয় ? - সীমা সমস্যা
🎬 Watch Now: Feature Video
শিৱসাগৰৰ ৰাজীৱ ভৱনত নাজিৰাৰ বিধায়ক তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল সম্বোধন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । গো-সুৰক্ষা আইনৰ ওপৰত মুখমন্ত্ৰীয়ে ভুল বাখ্যা কৰিছে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷ ইয়াৰ সমন্তৰালভাৱে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বিৰোধী নেতা গৰাকীয়ে কয়, চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে চৰুক সুধি ভাত ৰন্ধাৰ নীতি গ্ৰহণ কৰিছে ৷ সীমান্ত উন্নয়নৰ বাবে ধাৰ্য কৰা ৩৪ কোটি টকাৰ মাত্ৰ ১১ কোটি টকাহে ব্যয় কৰাৰ অভিযোগ কৰে দেৱব্ৰত শইকীয়াই ৷ সীমান্তৰ সমস্যাকলৈ ত্ৰিপাক্ষিক আলোচনা নকৰাৰ কাৰ্যই সীমা সমস্যাকলৈ যে চৰকাৰৰ সদিচ্ছা নাই সেই কথাই প্ৰমাণিত কৰে বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ৷ দেৱব্ৰত শইকীয়াই কয়, মাইক্ৰ’ফাইনেন্সৰ লগত চৰকাৰৰ গোপন বুজা বুজি আছে ৷ চাহ জনজাতিৰ ৩৫১ দৈনিক টাকা মজুৰি বৃদ্ধি কৰা নহ'ল । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কেৱল নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে ৷ ইয়াৰ লগতে সুস্মিতা দেৱৰ পদত্যাগকলৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷