COVID টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে: দেৱব্ৰত শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2020, 10:22 PM IST

COVID-19 পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ মূল্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁৰ উত্থাপিত অভিযোগ অনুসৰি COVID-19 ৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত হৈছে খেলিমেলিৰ ৷ লগতে তেওঁলৈ অহা এটা মেইলযোগে তেওঁৰ অৱগত কৰোৱা হৈছিল যে, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অসমৰ স্বাস্থ্য বিভাগৰ বাবে টেষ্ট কিট ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিছে উচ্চ হাৰ ৷ তেওঁক প্ৰদান কৰা সেই অভিযোগত উল্লেখ আছিল যে, 490 টকা দৰত উত্তৰ প্ৰদেশত টেষ্ট কিট কিনাৰ পৰিৱৰ্তে অসমত প্ৰায় 655 টকাৰ ব্যৱধানেৰে প্ৰায় 11 শ টকাতকৈয়ো অধিক মূল্যত ক্ৰয় কৰিছিল অনুৰূপ মানসম্পন্ন টেষ্ট কিট ৷ এই অভিযোগ তেওঁ জুন মাহত পোৱাৰ পাচতে জুলাইৰ মাহত আনুমানিক 20-21 তাৰিখে তেওঁ অভিযোগ আৰু তেওঁৰ হাতত থকা তথ্যখিনি তদন্তৰ বাবে অসমৰ উপ-লোকায়ুক্তক তেওঁ প্ৰদান কৰিছিল ৷ সকলো কাম স্বচ্ছতাৰে হৈছে নে নাই সেই জনাৰ লগতে, যদিহে তাত কিবা ক্ৰুটি আছে সেই ক্ৰুটি সমূহ দূৰ কৰাৰ বাবে বিহীত ব্যৱস্থা ল'ব পাৰে সেই উদ্দেশ্য তেওঁ উপ-লোকায়ুক্তক অৰ্পন কৰে সকলো তথ্য ৷ লগতে বৰ্তমান পৃথকীকৰণ কেন্দ্ৰত ৰখা তথা নিজ গৃহত পৃথকীকৰণ হৈ থকা ব্যক্তি সকলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কৰা ভিন্ন অভিযোগ সন্দৰ্ভত তেওঁ এই ভিডিঅ'যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.