thumbnail

By

Published : May 8, 2021, 3:53 PM IST

ETV Bharat / Videos

ভাৰত-চীন সীমান্তত ক’ভিড -১৯ ৰ সজাগতাৰ বার্তা বিলালে বৰ্ডাৰ ৰোডছৰ দলে

মহামাৰী ক’ভিড -১৯ৰ সজাগতাৰ বার্তাৰে ভাৰত-চীন সীমান্তৰ পশ্চিম অৰুণাচল প্ৰদেশৰ বৰফৰ মাজেৰে ব’ৰ্ডাৰ ৰোডছৰ চাৰিজনীয়া দল । মুঠ ১৫,০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাইক চলাই তেজপুৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত বিআৰঅৰ প্ৰজেক্ট ভৰ্তকৰ চাৰিজন বিষয়া । যোৱা ১ মে'ত অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সীমান্ত পৰিদৰ্শন কৰি প্ৰদেশখনৰ বাসিন্দা সকলক ক’ভিড -১৯ ৰ সজাগতাৰ সৃষ্টি কৰে আৰু পথ সুৰক্ষা সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰে । উল্লেখ্য যে, বিআৰঅৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ৰ মুখ্য অভিযন্তা কৰ্ণেল অনিল কঠীয়ালৰ নেতৃত্বত এই সজাগতা বাৰ্তা প্ৰেৰণৰ পদক্ষেপ হাতত লয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.