thumbnail

By

Published : Oct 1, 2021, 2:12 PM IST

ETV Bharat / Videos

বৰপেটাত ঠিকাভিত্তিক শিক্ষকক নিযুক্তি প্ৰদান

২০১০ চনৰ পৰা কাম কৰি থকা ৰাজ্যৰ প্ৰায় ৫ হাজাৰ ঠিকাভিত্তিত নিযুক্ত হাইস্কুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা প্ৰতিশ্ৰুতি অনুসৰি বৃহস্পতিবাৰে বৰপেটাত ঠিকাভিত্তিত নিযুক্ত ৩৮৫ গৰাকী হাইস্কুল শিক্ষকক খালী হৈ থকা পদত নিযুক্তি প্ৰদান কৰা হয় ৷ বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বৰপেটাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়ে মাৰফত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ প্ৰায় ১১ বছৰ ধৰি ৰাজ্যৰ হাইস্কুলসমূহত ঠিকাভিত্তিত নিযুক্ত শিক্ষকসকলক খালী পদত নিযুক্তিৰে নিয়মীয়াকৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিছে সদৌ অসম হাইস্কুল ঠিকাভিত্তিক শিক্ষক সন্থাই ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.