মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 14, 2021, 6:44 PM IST

Updated : Jul 14, 2021, 6:57 PM IST

মূল্য বৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিখন জিলা সমিতিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বানমৰ্মে-সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে বৰপেটা জিলাৰ সৰভোগতো অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সদস্য সকলে ৷ বৰপেটাৰ সৰভোগৰ B.R পেট্ৰ'ল পাম্পৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷ পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ,মুখ্যমন্ত্ৰী গ' বেক, ইত্যাদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ নিৰ্বাচনৰ সময়ত মূল্য বৃদ্ধি হ্ৰাস কৰা, বিদ্যুতৰ বিল ৰেহাই দিয়া, ঘৰে ঘৰে চাকৰি দিম বুলি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি সমূহ এটাও পালন নকৰিলে বুলি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰে নিত্য ব্য়ৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল-জিজেলৰ মূল্য প্ৰতিৰোধ কৰিবলৈ যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰীক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷
Last Updated : Jul 14, 2021, 6:57 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.