ভোটগণনাৰ মাজতে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - নীলকন্ঠ শিৱ মন্দিৰ
🎬 Watch Now: Feature Video

বিধানসভা নিৰ্বাচনৰ ভোট গননা চলি থকা সময়তে আজি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৷ নীলকন্ঠ শিৱ মন্দিৰত দণ্ড খৰছা আগবঢ়াই সেৱা লয় মুখ্যমন্ত্রী গৰাকীয়ে । ২০১৬ চনৰ নিৰ্বাচনৰ ফলাফলৰ সময়তো নীলকন্ঠ মন্দিৰত সেৱা আগবঢ়াইছিল। ৰাইজে দ্বিতীয় বাৰৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ গঠন প্ৰক্ৰিয়াত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে বুলি মন্তব্য কৰি অসমবাসী ৰাইজক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷