কস্তুৰবা গান্ধী আশ্ৰমৰ আন্তঃগাঁঠনি উন্নত কৰিব ৰাজ্য চৰকাৰে : হিমন্ত - ড৹ হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14070686-thumbnail-3x2-cm.jpg)
দক্ষিণ শৰণীয়াস্থিত কস্তুৰবা গান্ধী আশ্ৰমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma visit to Kasturba Gandhi Ashram) । আশ্ৰমৰ বৰ্ষীয়ান আইতা শকুন্তলা চৌধুৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে পহিলা জানুৱাৰী অৰ্থাৎ শনিবাৰে কস্তুৰবা গান্ধী আশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (CM Himanta Biswa Sarma) ৷ উল্লেখ্য যে, আশ্ৰমখনক ঐতিহ্য সম্পদ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীগৰাকীৰ । আশ্ৰমখনৰ আন্তঃগাঁঠনি উন্নত কৰাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰেক্ষাগৃহ, পুথিভঁৰাল নিৰ্মাণ ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।