মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণ: হঠাৎ ক’ত হেৰাল ক’ভিড নীতি? - CM Himanta Bishwa sharma had a meal with bhagins

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2021, 7:01 PM IST

Updated : May 14, 2021, 8:18 PM IST

নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৃহস্পতিবাৰে মাজুলীৰ ভাগিনসকলৰ সৈতে মাছে-মঙহে এসাঁজ তৃপ্তিৰে খালে মামাৰূপী মুখ্যমন্ত্ৰী ডঃ ৰাজ্যজুৰি কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে তথা কোভিডৰ ভয়াৱহতা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নীতি বলৱৎ কৰা দিনটোতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৃহস্পতিবাৰে মাজুলীৰ ভাগিনসকলৰ সৈতে মাছে-মঙহে এসাঁজ তৃপ্তিৰে খালে মামা খ্যাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ৰাজ্যজুৰি মামা নামেৰে জনপ্ৰিয় হৈ পৰা ন-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰথমবাৰলৈ মাজুলী ভ্ৰমণ কৰে ৷ ভ্ৰমণৰ মাজতে ভাগিনসকলক দি যোৱা কথা ৰাখি লগে ভাগে লোকেল মাংস, লোকেল মাছৰ জুতি লৈ এসাঁজ উদৰ পূৰাই খালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মামাৰ লগত এসাঁজ খাবলৈ পাই উৎফুল্লিত হৈ পৰিল মাজুলীৰ ভাগিনসকল । খোৱাৰ মাজতে অনলাইন ভাগিনহতে ক্লাচ,নেটৱৰ্কৰ অসুবিধা আদিৰ দৰে বহুকেইটা সমস্যাৰ বিষয়ে অৱগত কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ সকলো বোৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰি খেলা-ধূলাৰ লগতে পঢ়াত মনোযোগ দিবলৈও ভাগিনক ক'লে মামাই ৷ লগতে গুৱাহাটীলৈ মামাই যাবলৈ নিমন্ত্ৰণ দিলে ভাগিনসকলক ৷ ন-মুখ্যমন্ত্ৰী গৰাকীৰ এই আগমনে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে ভাগিনহতৰ মাজত ৷ কিন্তু ৰাজ্যত ক'ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা এই সময়ত খুদ মুখ্যমন্ত্ৰী গৰাকীয়ে কণ কণ ল'ৰা হতৰ লগত এনেদৰে ভোজ ভাত খোৱা দৃশ্যই এতিয়া ভবাই তুলিছে সচেতন মহলক ৷ একাংশৰ প্ৰশ্ন কোভিডৰ নীতি কেৱল সাধাৰণ ৰাইজৰ বাবেহে প্ৰযোজ্য নেকি? নে VIP VVIP সকলৰ কাষ চাপিব নোৱাৰে ক'ৰণা ভাইৰাছে? সচেতন ৰাইজৰ প্ৰশ্ন এনেবোৰ বিষয় তথা দৃশ্য চকুত পৰিবনে কোভিড নীতি অমান্য কৰা সকলৰ বাবে আৰক্ষী কঠোৰৰ পৰা কঠোৰ হ'ব বুলি সংবাদমেল যোগে ঘোষণা কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ? নে ৰজাঘৰীয়াৰ বাবে নিয়ম মাফ হব এই সকল আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ?
Last Updated : May 14, 2021, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.