75 বছৰ গৰকিলে শিৱসাগৰ মহাবিদ্যালয়ে:মুখ্যমন্ত্ৰীৰ 5 কোটি টকাৰ অনুদান ঘোষণা
75 বছৰত ভৰি দিলে পোহৰ সন্ধানী শিৱসাগৰ মহাবিদ্যালয়ে ৷ মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাগ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, মহাবিদ্যালয় খনক পৰ্যায়ক্ৰমে বিশ্ববিদ্যালয় পৰ্যায়লৈ আগবঢ়াই নিয়া হ'ব । লগতে মহাবিদ্যালয় খনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ শৈক্ষিক খণ্ডত এক সলনিৰ প্ৰয়োজন বুলি উল্লেখ কৰি পৰম্পৰাগত শিক্ষাৰ পৰা আঁতৰি এক নতুন উদ্ভাৱনৰ শৈক্ষিক পৰিৱেশৰ পোষকতা কৰে ৷