thumbnail

By

Published : Sep 21, 2019, 4:22 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা : কি হ'ব ৰাজেন সিঙৰ

কোকৰাঝাৰ ঘটনাৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক দিয়া হৈছে তদন্তৰ দায়িত্ব ৷ যোৱা দহ ছেপ্টেম্বৰত কোকৰাঝাৰৰ গৌৰংভেলী হোটেলত অনুষ্ঠিত হোৱা এখন ভোজমেলত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে শাৰীৰিকভাৱে অপদস্থ কৰিছিল দণ্ডাধীশ শৈলেন দাসক ৷ দুয়োৰে মাজত কোনো কথাত মতানৈক্য হোৱাৰ পাচতেই আৰক্ষী অধীক্ষকগৰাকীয়ে এইদৰে শৈলেন দাসক চোঁচৰাই পেলোৱাৰ লগতে ফালি পেলাই দণ্ডাধীশগৰাকীৰ কাপোৰ ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল হোটেলখনত সংস্থাপিত চি চি কেমেৰাত ৷ এই ঘটনাৰ পাচতেই জিলাখনত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য ৷ এজন দণ্ডাধীশক অপদস্থ কৰা ৰাজেন সিঙৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেইয়া তদন্তৰ পাচতহে নিশ্চিত হ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.