নগাঁৱত চিটুৰ প্ৰতিবাদ - চিটু নামৰ সংগঠনটোৱে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13161971-thumbnail-3x2-aaaaaaa.jpg)
ৰাজ্যৰ আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ সুবিধা প্ৰদান কৰাকে ধৰি কেবাটাও দাবীত শুকুৰবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চিটু নামৰ সংগঠনটোৱে । আঁচনিভুক্ত কর্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, ন্যূনতম মজুৰি মাহিলি ২১ হাজাৰ টকা ধার্য কৰা, মাননিৰ সলনি মজুৰি দিয়া আৰু আঁচনিভুক্ত কর্মচাৰীক পেঞ্চনৰ সুবিধা প্ৰদান কৰাৰ দাবিত নগাঁও মতিৰাম বৰা ক্ষেত্ৰ চিটুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ অন্তত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ।