নিচামুক্তি অভিযানত ৰাজ্য চৰকাৰক সহায় কৰিব কেন্দ্ৰই - central minister

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 20, 2021, 10:56 PM IST

অসম চৰকাৰে চলাই থকা ড্ৰাগছ বিৰোধী অভিযান এক সময়োচিত পদক্ষেপ আৰু নিচাসক্ত সকলক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পূৰ্ণ সহযোগ আগবঢ়াব । গুৱাহাটীত আজি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে । দুদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণসূচী লৈ আজি আহি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত চলি থকা বিভিন্ন আচনিৰ বুজ লয় । বিভাগীয় মন্ত্ৰী অজন্তা নেওগ, বিভাগীয় শীৰ্ষ বিষয়া আৰু বিভিন্ন এন জি অ'ৰ প্ৰতিনিধিৰ সৈতেও অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী । পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দিব্যাংগ সকলৰ সৱলীকৰণৰ বাবে ইতিমধ্যে তেওঁৰ বিভাগে ৩৮০ কোটি টকা মোকলাই দিছে । দিব্যাংগক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভাৱে গুৰুত্ব দিয়া হৈছে । সমগ্ৰ দেশত দিব্যাংগ সকলক বিভিন্ন প্ৰশিক্ষণ দিয়াৰ বাবে এহেজাৰটা শিবিৰ মুকলি কৰা হৈছে বুলিও তেওঁ কয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.