শীঘ্ৰেই দেশত বলৱৎ হ'ব CAA:বিজেপি সভাপতি জে পি নাড্ডা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 23, 2021, 8:28 PM IST

শীঘ্ৰে দেশত বলৱৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA ৷ আনকি বিধানসভাইও টলাব নোৱাৰিব এই সিদ্ধান্তক ৷ মঙলবাৰে বিজেপিৰ সংকল্প পত্ৰ প্ৰকাশ কৰিয়েই এইদৰে মুকলিকৈ স্পষ্ট কৰি ক'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ যিসময়ত লোকসভা, ৰাজ্যসভা দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈছিল তেতিয়াই অগ্নিগৰ্ভা হৈ পৰিছিল দেশৰ বিভিন্ন প্ৰান্ত ৷ বিশেষকৈ CAA বাতিলৰ দাবীত উত্তাল হৈ পৰিছিল অসমৰ আকাশ বতাহ ৷ তৎস্বত্তেও বাতিল কৰা হোৱা নাছিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ৷ ইপিনে কৰ'ণা মহামাৰী আৰু লকডাউনৰ ফলত স্থগিত হৈ পৰিছিল দল-সংগঠনৰ কা বিৰোধী আন্দোলনো ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ CAAক লৈ কৰা মন্তব্যৰ পিচতেই পুনৰ সৰৱ হৈ পৰিছে ৰাজ্যৰ ছাত্ৰ সমাজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.