ETV Bharat / state

অষ্ট্ৰেলিয়াত অধ্যাপক ড৹ উদয় শইকীয়ালৈ শ্ৰেষ্ঠ গৱেষকৰ সন্মান - FLINDERS UNIVERSITY AUSTRALIA

২০১৯ আৰু ২০২২ চনত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ গ্ল’বেল ৰিপ’ৰ্ট মূল্যায়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনা সমিতিত নিযুক্তি পোৱা তিনিজন অষ্ট্ৰেলিয়ান বিশেষজ্ঞৰ ভিতৰত ড৹ শইকীয়া আছিল অন্যতম ।

DR UDAY SAIKIA AUSTRALIA
অষ্ট্ৰেলিয়াত অধ্যাপক ড৹ উদয় শইকীয়ালৈ শ্ৰেষ্ঠ গৱেষকৰ সন্মান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 7:23 PM IST

যোৰহাট: বৰ্তমান অষ্ট্ৰেলিয়াত অধ্যাপক হিচাপে কৰ্মৰত অসমৰ বিশিষ্ট শিক্ষাবিদ ড৹ উদয় শইকীয়াই দক্ষিণ অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষকৰ বঁটা লাভ কৰি নিজৰ গৃহৰাজ্য অসমলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে । এই সন্মানীয় স্বীকৃতি অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়সমূহৰ উচ্চতম সন্মান, যিয়ে ব্যতিক্ৰমী গৱেষণামূলক অৱদান আৰু নেতৃত্বক স্বীকৃতি দিয়ে ।

ড৹ শইকীয়াৰ গৱেষণাৰ উল্লেখযোগ্য কৃতিত্বৰ ভিতৰত আছে মানৱ কল্যাণ সূচকাংক (Human Wellbeing Index), যিটো এটা অগ্ৰণী সূচকাংক, যিয়ে আয়ভিত্তিক পৰিসৰৰ বাহিৰলৈ গৈ উন্নয়নৰ এক সামগ্ৰিক পৰিমাপ প্ৰদান কৰে । এই মানৱ কল্যাণ সূচকাংক বিকাশৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্বই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে আৰু ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদনত ইয়াক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হয় । ড৹ শইকীয়াৰ সম্প্ৰসাৰিত গৱেষণাই পাপুয়া নিউগিনি, ভানুআটু, কিৰিবাটিকে ধৰি এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যান্য দেশসমূহকো সামৰি লৈছে ।

ড৹ শইকীয়াৰ বিশেষজ্ঞতাক আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান পৰিষদেও (International Science Council) স্বীকৃতি দিছে, য’ত তেওঁ বহনক্ষম উন্নয়নৰ বিশ্বব্যাপী বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে । ২০১৯ আৰু ২০২২ চনত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ গ্ল’বেল ৰিপ’ৰ্ট মূল্যায়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনা সমিতিত নিযুক্তি পোৱা তিনিজন অষ্ট্ৰেলিয়ান বিশেষজ্ঞৰ ভিতৰত তেওঁ আছিল অন্যতম ।

গৱেষণাৰ সাফল্যৰ উপৰিও ড৹ শইকীয়াই এগৰাকী শিক্ষাবিদ হিচাপেও উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । এতিয়ালৈকে ১৫ খন ভিন্ন দেশৰ ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে ড৹ শইকীয়াৰ তত্বাৱধানত পি এইচ ডিৰ গৱেষণা কৰিছে । দুৰ্গম গাঁৱৰ প্ৰান্তীয় মহিলাসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ ভাৰতত কৰা তেওঁৰ শেহতীয়া সহযোগিতামূলক গৱেষণাৰ ফচলস্বৰূপ “দূৰ ভাৰতীয় গাঁৱত প্ৰান্তীয় মহিলাক সবলীকৰণ” শীৰ্ষক এখন গ্ৰন্থও প্ৰকাশ পাইছে ।

ড৹ শইকীয়াই ইতিমধ্যে লাভ কৰিছে ২০১১ চনত বিশ্ববিদ্যালয় শ্ৰেষ্ঠ শিক্ষকৰ বঁটা আৰু ২০১২ চনত অষ্ট্ৰেলিয়ান চৰকাৰৰ শিক্ষক বঁটাকে ধৰি কেইবাটাও সন্মান । তেওঁ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইকনমিক্স আৰু লণ্ডন স্কুল অৱ ইকনমিক্স দৰে সন্মানীয় প্ৰতিষ্ঠানত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিছিল । ড৹ শইকীয়াৰ পিতৃ উত্তৰ-পূব ভাৰতৰ কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা অৰ্থনীতিবিদ প্ৰয়াত ড৹ পদ্মধৰ শইকীয়া । যোৰহাটত জন্ম হোৱা ড৹ শইকীয়াই বিগত ২৩ বছৰে অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আহিছে ।

লগতে পঢ়ক: কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মে কি প্ৰভাৱ পেলাব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.