ETV Bharat / sports

মাত্ৰ 42 ৰাণতে ছন্দপতন শ্ৰীলংকাৰ; শূন্যত পেভিলিয়নমুখী পাঁচ বেটছমেন - SA VS SL TEST SERIES

টেষ্ট ক্ৰিকেটত নতুন ইতিহাস শ্ৰীলংকাৰ ৷ পিছে দলটোৱে কোনো কৃতিত্ব অৰ্জন কৰাৰ সলনি লজ্জাজনক অভিলেখৰহে গৰাকী হৈছে ৷

SA vs SL test series
শ্ৰীলংকা বনাম দক্ষিণ আফ্ৰিকা (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 28, 2024, 7:50 PM IST

Updated : Nov 28, 2024, 8:00 PM IST

স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে কিংছমিডত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখথেকেচা শ্ৰীলংকাৰ ৷ মেচখনত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত 191 ৰাণ সংগ্ৰহ কৰাৰ পিছত ক্ৰিজলৈ আহে শ্ৰীলংকাৰ বেটছমেনসকল ৷

পিছে দলটোৰ কোনো এগৰাকী বেটছমেনে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷ বৰং দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ সন্মুখত তিষ্ঠিব নোৱাৰি দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 42 ৰাণ সংগ্ৰহ কৰিয়েই ইনিংছ সামৰে ৷ ইয়াৰ লগে লগে শ্ৰীলংকাৰ ক্ৰিকেট দলটো টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্ক’ৰ সংগ্ৰহ কৰা লজ্জাজনক অভিলেখ অৰ্জন কৰে ৷

শ্ৰীলংকাৰ দলটো মাত্ৰ 83 টা বলতে অল আউট হৈছিল, যিটো যিকোনো দলৰ দ্বাৰা সৰ্বনিম্ন সংখ্যক বলৰ দ্বিতীয় অভিলেখ । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ দলটো 1924 চনত এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে 75 টা বলত মাত্ৰ 30 ৰাণতে অল আউট হৈছিল ।

শ্ৰীলংকাৰ ইনিংছত মাত্ৰ দুজন বেটছমেনহে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত দুটা অংকত উপনীত হ'ব পাৰিছিল । দলটোৰ হৈ কামিন্দু মেণ্ডিছে তিনিটা চাৰিৰ সহায়ত 20 টা বলত মাত্ৰ 13 ৰাণ সংগ্ৰহ কৰি দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ভূমিকা পালন কৰে ৷ আনহাতে, 10 নম্বৰ বেটছমেন লাহিৰু কুমাৰাই সংগ্ৰহ কৰে 10 ৰাণ ৷

দক্ষিণ আফ্ৰিকাৰ বাওঁহতীয়া ফাষ্ট বলাৰ মাৰ্কো জানছেনে ভ্ৰমণকাৰী দলটোৰ বেটিং লাইনআপ ধ্বংস কৰি বেটছমেনসকলক দিশহাৰা কৰি তুলিছিল । বলাৰগৰাকীয়ে 6.5 অভাৰত 13 ৰাণ ব্যয় কৰিয়েই দখল কৰে 7 টাকৈ উইকেট ৷

মাৰ্কো জানছেনৰ 7/13 হৈছে ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰৰ দ্বাৰা তৃতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । তদুপৰি সোঁহতীয়া ফাষ্ট বলাৰ কাগিচো ৰাবাডাই এটা উইকেট আৰু গেৰাল্ড কোয়েটজীয়ে দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক: সৰ্বাধিক দ্ৰুত টি-20 শতক অৰ্জনকাৰীত পৰিণত উৰ্ভিল পেটেল

Last Updated : Nov 28, 2024, 8:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.