thumbnail

By

Published : Oct 25, 2021, 9:57 PM IST

ETV Bharat / Videos

হিমন্ত বিশ্ব শৰ্মাৰ পকেটত আছে নেকি UPPL-BPF-AIUDF ?

কংগ্ৰেছ দলে ভৱানীপুৰৰ খেল পথাৰত বজালে নিৰ্বাচনী ৰণ ডংকা । ভৱানীপুৰৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত হেজাৰ হেজাৰ মানুহৰ সমাগমত কংগ্ৰেছ দলৰ বাঘা বাঘা নেতাই দিলে নিৰ্বাচনী ভাষণ । নিৰ্বাচনী সভাত অজয় ফুকন , নেকিব আহমেদ জুৰিলে নির্বাচনী গীত ৷ ইয়াৰ লগতে উপষ্ঠিত থাকে সভাপতি ভূপেন বৰা , বিধায়ক জাকিৰ হুছেইন শিকদাৰ , ৰেকিবুদ্দিন আহমেদ , সাংসদ আব্দুল কালাম , জিতেন্দ্ৰ সিঙৰ লগতে বহু বাঘা বাঘা নেতা উপস্থিত ৷ নিৰ্বাচনী সভাৰ পিছত জিতেন্দ্ৰ সিঙৰৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ এটা পকেটত UPPL আছে BPF আৰু আন এখন পকেটত Aiduf আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.