মৰাণত পালন বোকা খেলৰ পৰম্পৰা - চৰ্মৰোগ
🎬 Watch Now: Feature Video
বিহু অসমীয়া জাতিৰ আয়ুসৰেখা । আজি মানুহ বিহু । মানুহ বিহুৰ দিনা পুৱাই মৰাণৰ সমীপৰ জকাই বন কুমাৰ গাঁৱৰ শিশু, ডেকা, আদহীয়া সকলোৱে পালন কৰিলে বোকা খেল । যিহেতু কুমাৰ লোকসকল মৃৎ শিল্পৰ লগত জড়িত, গতিকে সমগ্ৰ ৰাজ্যতে কুমাৰ লোকসকলে মানুহ বিহুৰ দিনটোত বোকা খেলৰ পৰম্পৰা পালন কৰে । লোকবিশ্বাস অনুসৰি এই খেল খেলিলে চৰ্মৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি । এই খেল অতীতৰ পৰাই চলি আহিছে যদিও আজিৰ দিনত আধুনিকতাৰ প্ৰভাৱত এই পৰম্পৰাগত খেল হেৰাই গৈছে অসমীয়া সমাজৰ পৰা ।