অনিশ্চয়তাৰ গৰাহত বি টি আৰৰ ৩৯০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী

By

Published : Nov 10, 2021, 10:56 PM IST

thumbnail

সুদীৰ্ঘ ১৪ মাহে প্ৰাপ্য দৰমহা লাভৰ পৰা বঞ্চিত হৈছে বি টি আৰৰ ৩৯০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী । ২০১৩ চনত টেট উৰ্ত্তীৰ্ণ হোৱা 3,300 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক ২০১৫ চনৰ বি টি আৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনা নিযুক্তি দিছিল সেই সময়ৰ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । যাৰ ভিতৰত ৩৯০ গৰাকীয়ে বৰ্তমানৰ বি টি আৰত কৰ্মৰত হৈ আছে । তেতিয়াৰ পৰা এই ৩৯০ গৰাকী শিক্ষকে মাহেকত মাত্ৰ ৮ হাজাৰ টকা মাননী লৈ যোৱা সাত বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে । প্ৰথম অৱস্থাত এইসকল শিক্ষক-শিক্ষয়িত্ৰীক ছয়মাহৰ বাবে নিযুক্তি পত্ৰৰ প্ৰদান কৰা হৈছিল । পিছত ছয় মাহৰ মূৰে মূৰে সময় সীমা বঢ়াই দিয়া হৈছিল । কিন্তু আগষ্ট মাহৰ পিছত পুনৰ এই সময় সীমা বঢ়াই দিয়া হোৱা নাই বাবে অনিশ্চয়তাত ভুগিছে শিক্ষকসকলে । ইয়াৰ উপৰিও বিগত ১৪ মাহে এই ৩৯০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে । তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষক-শিক্ষয়ত্ৰী । আনকি চাৰিগৰাকী শিক্ষকে অৰ্থৰ অভাৱত চিকিৎসা সেৱা লাভ নকৰাকৈয়ে মৃত্যুবৰণ কৰিছে । এইসকল শিক্ষক-শিক্ষয়ত্ৰীয়ে চৰকাৰক শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰাৰ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.