লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীবাসীৰ বন্তি প্ৰজ্বলন - অসুস্থ দুলু গগৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11207679-thumbnail-3x2-img.jpg)
সোমবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈ ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ পিছতেই এক আবেগিক পৰিৱেশ সৃষ্টি হয় চাচনীবাসীৰ মাজত । লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীৰ বিভিন্ন অঞ্চলৰ লগতে দেওঘৰীয়া গাওঁ আৰু শুকানী গাঁৱৰ ৰাইজে ঘৰে ঘৰে চাকি বন্তি জ্বলাই মাতৃগৰাকীৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । মাতৃগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰিছে চাচনীৰ মহিলাসকল ।