ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বানাক্ৰান্তৰ প্ৰতিবাদ - বঙাইগাঁও
🎬 Watch Now: Feature Video

বঙাইগাঁও, 13 জুলাইঃ সমগ্ৰ ৰাজ্যজুৰি প্ৰলয়ংকাৰী বানৰ কবলত পৰি বানাক্ৰান্তই হাহাকাৰ কৰি থকাৰ মাজতে শুক্ৰবাৰে বঙাইগাঁৱৰ হাপাছৰাত বানাক্ৰান্তই বান সাহায্যৰ দাবীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে, বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলবাসী বানত বুৰ গৈ আশ্ৰয় শিবিৰত আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল ৷ কিন্তু চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত লোকসকলৰ কোনো খা খবৰ নোলোৱাৰ লগতে ৰেচন আদিৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে । এই কাৰ্যত ক্ষুব্ধ হৈ লোকসকলে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাছত প্ৰশাসনৰ লোক উপস্থিত হৈ প্ৰয়োজনীয় ৰেচন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াত অৱৰোধ প্ৰত্যাহাৰ কৰে ৷