thumbnail

উপ-নিবাৰ্চন হ'ব লগা 6 টা সমষ্টিতে বিজেপিৰ জয় হ'ব : ভৱেশ কলিতা

By

Published : Sep 26, 2021, 6:12 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ দেওবাৰে চহৰখনৰ উপকণ্ঠ অঞ্চল বগপৰা চাহ বাগিছাত অনুষ্ঠিত হোৱা মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ মন কি বাত অনুষ্ঠানৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষ লক্ষ জনসাধাৰণৰ হৃদয় জয় কৰাৰ লগতে এক সমন্বয়ৰ জৰিয়তে যোগাযোগৰ সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিছে বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত কয়, উপ-নিৰ্বাচন হ'ব লগা 6 টা সমষ্টিতে বিজেপিৰ জয় হ'ব ৷ দেওবাৰে মন কি বাতৰ এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ তপন গগৈ, বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে ডিব্ৰুগড় জিলা বিজেপিৰ ৰ্শীষ নেতৃত্বসকলে অংশগ্ৰহণ কৰে ৷ দেওবাৰে মন কি বাত অনুষ্ঠানত বগপৰা চাহ বাগিচাৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বাগিছাৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.