thumbnail

By

Published : Dec 5, 2021, 7:23 PM IST

ETV Bharat / Videos

প্ৰশিক্ষণ শিবিৰ পাতি ভেটি মজবুত কৰাৰ কৌশল ৰচিছে বিজেপিয়ে

এইবাৰ প্ৰশিক্ষণ শিবিৰ পাতি বিজেপিৰ ভেঁটি মজবুত কৰাৰ পৰিকল্পনা এতিয়াও অব্যাহত আছে (BJP training camp to strengthen infrastructure) ৷ মুম্বাইত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত ভাগ লৈ দলৰ নেতা সকলে এতিয়া ৰাজ্যত ইটোৰ পিছত সিটোকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে ৷ ডিব্ৰুগড়ত শনিবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ শিবিৰ (BJP training camp in dibrugarh) ৷ চহৰখনৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত হৈ যায় জিলা প্ৰশিক্ষণ শিবিৰ ৷ ডিব্ৰুগড়ৰ পূব আৰু পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ চাৰিটা ভাগত অনুষ্ঠিত হয় ৷ সমষ্টিভিত্তিত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (mla prashant phukan at dibrugarh bjp training) ৷ প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী সা-সুবিধাসমূহ সঠিকমতে যাতে লাভ কৰে তাৰ প্ৰতি বিজেপিৰ কাৰ্যকৰ্তাই গুৰুত্ব দিবলৈ এই প্ৰশিক্ষণ শিবিৰ পতা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.