ওলোটাকৈ জন্ম হৈছে ৰাইজৰ দলৰ : প্ৰশান্ত ফুকন

By

Published : Oct 18, 2021, 10:33 PM IST

thumbnail

উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই শাসকীয় দলৰ ৰাজনৈতিক নেতাই ভৰি পৰিছে থাওৰাত । সোমবাৰে থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । ৰাজ্যিক বিজেপিৰ নেতৃত্বই থাওৰাৰ দুটাকৈ পঞ্চায়তৰ দায়িত্ব দিছে বিধায়কজনক । থাওৰা সমষ্টিত ৬০ হাজাৰ ভোট লাভ কৰি বিজয়ী হ'ব সুশান্ত বৰগোহাঁই, থাওৰাৰ ডিমৌত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে এই মন্তব্য কৰে । লগতে কয়, ৰাইজৰ দলৰ জন্মই ওলোটাকৈ হৈছে, অখিল গগৈৰ যাদু এতিয়া নচলে । শিৱসাগৰৰ ৰাইজে অখিল গগৈক বিধায়ক বনাই কান্দিছে বুলিও কয় বিধায়ক জনে ।‌ লগতে কয়, একে নলীৰে পানী গ'লেহে থাওৰা সমষ্টিৰ উন্নয়ন হ'ব ৷ দিল্লীত পানী ঢালিলে পোনে পোনে আহি পৰিবহি ১০৭ নং থাওৰা বিধান সভা সমষ্টিত । মুঠৰ ওপৰত থাওৰাৰ দুটাকৈ পঞ্চায়তৰ দায়িত্ব লাভ কৰা প্ৰশান্ত ফুকনে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.