অখিল গগৈ ৰাজনীতিলৈ অহাটোৱেই ভুল আছিল : সুশান্ত বৰগোহাঁই - assam by election
🎬 Watch Now: Feature Video
থাওৰাত সকলো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ চলাই থকা সময়তে ৰাইজৰ দলৰ কৰ্মীক বিজেপি দলৰ কৰ্মীয়ে আক্ৰমণ কৰা বুলি অভিযোগ কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । অখিল গগৈয়ে এই হিংসাত্মক ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক জনোৱা বুলিও সংবাদ মাধ্যমক জনোৱাৰ পাছত দেওবাৰে অখিল গগৈৰ এই অভিযোগ নসাৎ কৰে থাওৰাৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে । সুশান্ত বৰগোহাঁয়ে কয়, অখিল গগৈৰ কথাৰ কোনো গুৰুত্ব নাই ৷ অখিল গগৈৰ কথাবোৰ সৰু ল'ৰাই মাৰ্বল খেল খেলাৰ দৰে লাগে । থাওৰাত নিবাৰ্চনী হিংসা হোৱাৰ কথা কোনেও গম পোৱা নাই । অখিল গগৈয়ে কাৰোবাক লগ পালেই ভিডিঅ’ কৰি ফেচবুকত দিয়ে কিন্তু হিংসাত্মক ঘটনাৰ ভিডিঅ’ তেওঁ ফেচবুকত দিয়া নাই । কেৱল সংবাদমেল অনুষ্ঠিত কৰি হে কৈ আছে । অখিল গগৈ ৰাজনীতিলৈ অহাটোৱে ভুল আছিল । জেলৰ পৰা উলিয়াবলৈ শিৱসাগৰৰ ৰাইজে ভোট দিছিল কিন্তু ২৬ৰ নিবাৰ্চনত শিৱসাগৰলৈ ঘূৰি চালে গম পাব কি ক'ব ৰাইজে বুলি মতামত কৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।